আমাৰে সখিয়া

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জ্যোতিপ্ৰসাদ আগৰৱালা

Back
জ্যোতিপ্ৰসাদ আগৰৱালা
May 22, 2025 · 1,257 views

আমাৰে সখিয়া আকুল বিয়াকুলে

সপোনৰ হাঁহিটি চাই

সপোনত কোঁৱৰে আহুদি আনিলে

মতলীয়া সখী খাই ।

দিঠকৰ বাতৰি সপোনত মিলিলে

আছিল সখী বাটে চাই

ফাগুনৰ বতাহে গাতে ছাটি মাৰে

গাতে ছাটি মাৰি যায় ।

চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ

গাতে উৱাদিহে নাই

সখিয়াৰ গাতে উৱাদিহে নাই ।।