আমি কৰি ফুৰোঁ বিয়াকুল

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জ্যোতিপ্ৰসাদ আগৰৱালা

Back
জ্যোতিপ্ৰসাদ আগৰৱালা
September 5, 2015 · 1,850 views

আমি কৰি ফুৰোঁ বিয়াকুল

(থাকে) নিজৰা য’ত কুল কুল

ফুলৰ পাহিত নিয়ৰ দুল

সখিয়তীৰ মাতে য’ত বিয়পিছে

ইকুল সিকুল ।

মোৰ যে ফুলৰ কাঁড়

মোৰ হাততে মধুৰ ভাৰ

আমাৰ কাষতে চোৱা

প্ৰেমিক-প্ৰেমিকা বিয়াকুল ।

মোৰ হাতত ফুলৰ ৰেণু

মোৰ হাতত কাণুৰ বেণু

লগৰ লগৰী আমাৰ মতলীয়া

মধু পি আকুল ।।