আশা

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জুবিন গাৰ্গ

Back
জুবিন গাৰ্গ
October 3, 2023 · 1,428 views

আশা মোৰ আশা

এখনি সৰৱ নৈ

সেই আশা মোৰ আশা

আহিছে ৰাঙলী হৈ

মোৰ গানৰ বহু যুগৰ

সুখ দুখৰ চিনাকি নৈ ।

মোৰ গানত আছে অনামিকা মায়া

সপোনৰ সুৰৰ নুবুজা আশা

মোৰ গানে আনে বহুতো প্ৰকাশ

পোৱা নোপোৱাৰ মনৰৰ জোনাক

জোনাকী মন এটি হৈ

আহিছিলো মৰমৰে বোজা লৈ

আশা মোৰ আশা

আশা মোৰ আশা

এখনি সৰৱ নৈ

সেই আশা মোৰ আশা

আহিছে ৰাঙলী হৈ

মোৰ গানৰ বহু যুগৰ

সুখ দুখৰ চিনাকি নৈ ।

মোৰ গানত আছে বৰষাৰ অনল

সেমেকা শীতল ৰ’দালি কোমল

মোৰ গানে দিব নতুন ভাষা

নতুনৰ জোনাক নতুন দিশা

ক্লান্ত বুকুজুৰি ব’ব

সৃষ্টিৰে অমল বতাহ

আশা মোৰ আশা

এখনি সৰৱ নৈ

সেই আশা মোৰ আশা

আহিছে ৰাঙলী হৈ

মোৰ গানৰ বহু যুগৰ

সুখ দুখৰ চিনাকি নৈ ।