এই ধুনীয়া গধূলি লগন

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

কুইন দাস

Back
কুইন দাস
March 17, 2022 · 1,610 views

এই ধুনীয়া গধূলি লগন

সংযমহীন আচৰণ

সমাজৰ আঁৰতে নিয়ম ভাঙি

কিয় দুয়ো দুয়োতে মগন

এই ধুনীয়া গধূলি লগন ...

প্ৰেমযেন বহুতৰ কটাৰীৰ খেল

হানি কটাৰী চলে

কণ কণ শব্দে বুকু ভেদিলে

বাধা দিব কোন কুশলে

এই ধুনীয়া গধূলি লগন ...

জীৱন এন্ধাৰ জগৎ এন্ধাৰ

তুমিতো বিজুলিৰ চাকি

তোমাৰ জ্যোতিয়ে যদি বুকুতে হেৰায়

দিলায়বা অকমান ফাঁকি ।

অঘৰী জীৱন অকলশৰীয়া

তাতে যদি হয় মই জগৰীয়া

কম্পিত বুকুতে আকলোৱা

দুটিবাহু মৰম বলিয়া ।

এই ধুনীয়া গধূলি লগন ...