এইবেলি মোক

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

অংগৰাগ মহন্ত

Back
অংগৰাগ মহন্ত
March 3, 2016 · 1,401 views

এইবেলি মোক

বুকুতে ৰাখি

এইবেলি মোক

লোৱাহি ঢাকি

এইবেলি মোক

আচলতে তোমাৰ

চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল

প্ৰতিটো ৰাতি

এইবেলি হওক

এই পৃথিৱী সাক্ষী

আৱেগেৰে

জ্বলোৱা চাকি ।

তোমাৰ কথা ভাবি

পাৰ হয় সময়

আন কাৰো বাবেচোন মোৰ

জানো আজৰি যেন নহয়

জোনৰে দেশৰ

লৈ অহা বাতৰি

নেলাগে জানা সোণ মোক

একো বাকী ।

এইবেলি মোক

নথবা ৰাখি

মৰমেৰে লোৱা

মোক আৱৰি ...

প্ৰতিটো নিশা

সপোনত আহি

চুমা আঁকি

ঢালি যোৱা

মিঠা মিঠা তোমাৰ

সুবাস এচাটি

উৰু উৰু মন

ৰাখোঁনো কিদৰে

উৰিম আকৌ

এইবেলি পখী হৈ ।

এইবেলি হওক

জোন তৰা সাক্ষী

মিলনৰে

এটি মিঠা ৰাতি

এইবেলি হওক ...

চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল

প্ৰতিটো ৰাতি

এইবেলি হওক

এই পৃথিৱী সাক্ষী

আৱেগেৰে

জ্বলোৱা চাকি ।।