এজাক বতাহে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

অংগৰাগ মহন্ত

Back
অংগৰাগ মহন্ত
March 8, 2016 · 2,916 views

এজাক বতাহে ক’লে আহি

মই নভবা কথাবোৰ

এটি ফুলে কান্দি কান্দি

ক’লেহি মনৰ কথাবোৰ

মৰম কিদৰে ...

এজাক ধুমুহা হৈ

বিচাৰি ফুৰিছে মোক

এজাক বতাহে ক’লে আহি

মই নভবা কথাবোৰ

এটি ফুলে কান্দি কান্দি

ক’লেহি মনৰ কথাবোৰ ।

হাতত তোমাৰ ধৰি হাত

পাৰ হৈ অহা সেই বাট

এৰি অহা সেই খোজ

আজিওতো আছে তাত

এজাক উমাল সন্ধিয়া

আছিলে য’ত

তোমাক দিয়া এটি

তেজ ৰঙী ফুল

তুমি কিয় দিলা ওভতাই

সেই তেজাল পাহিবোৰ

তোমাৰ বুকুৰ উমত

আছিল জিপাল সময় ।

তথাপিও লাগে মোৰ

তুমি নহয় বহু দূৰ

তুলি ল’বা দুহাতত

মৰহিব ধৰা আশাবোৰ

তোমাৰ কোমল পৰশত নাচিব মোৰ

হেৰাই যোৱা এটি সাতোৰঙী সুৰ ।

এজাক বতাহে ক’লে আহি

তুমিতো সদায় মোৰ

বুকুৰ কোণতেই আছে

সেই জোনাকী ৰাতিবোৰ ।।