কণমান বৰশীৰে চিপ

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

দীপালী বৰঠাকুৰ

Back
দীপালী বৰঠাকুৰ
March 21, 2016 · 3,428 views

কণমান বৰশীৰে চিপ

অ’ অ’ কণমান বৰশীৰে চিপ

কণমান বৰশীৰে চিপ

তাৰে আগত ৰঙা জিঞাঁ

ৰাজকন্যা নাচে দীপলিপ্

অ’ জিঞাঁ নাচে দীপলিপ্

কণমান, কণমান

কণমান বৰশীৰে চিপ ।

অ’ জিঞাঁ, অহ’ জিঞাঁ

অহ’ জিঞাঁ ...

বাৰে বাৰে উৰি উৰি

পানীলৈকে যাৱ জিঞাঁ

অ’ জিঞাঁ, অহ’ জিঞাঁ ...

অহ’ জিঞাঁ ...

বাৰে বাৰে জুমি জুমি

পানীত কিনো চাৱ জিঞাঁ

অ’ জিঞাঁ, অহ’ জিঞাঁ ...

সিয়ে জান কৰে তোকে মা‌য়া জিঞাঁ

সিটো দেখোন পানীত তোৰে ছায়া

অ’ জিঞাঁ

সিটো দেখোন পানীত পৰা

তোৰেই নিজৰ ছায়া

তাকে নেকি ভুলাবলৈ

টিক্​টিকিয়া ৰঙা আঁচল

ধিপধিপীয়া বুকুত খুৱালি গিলিপ

কণমান, কণমান ।

কাকে আজি সাজি-কাচি ভুলাই অনাৰ মন জিঞাঁ

কাৰ বাবে তোৰ বৈ পৰা সেই ৰঙা আঁচল খন জিঞাঁ

দুয়ো চকুত ল’লি কাজল সানি ... জিঞাঁ

কাৰ বাবে তই দুয়ো চকুত ল’লি কাজল সানি

সেওঁতা তলত ল’লি নেকি

অ’ জিঞাঁ তই লেখি লেখি

জিল্​মিলীয়া সোণপৰুৱাৰ সোণোৱালী টিপ্

কণমান, কণমান ।

কণমান, কণমান

কণমান বৰশীৰে চিপ

অ’ অ’ কণমান বৰশীৰে চিপ ।।