কোনে জানে তোমাৰ সপোন

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

মহম্মদ ৰফী

Back
মহম্মদ ৰফী
October 29, 2022 · 1,639 views

কোনে জানে তোমাৰ সপোন

হ’ব নে পূৰণ ?

আকাশতে থকাজনে

লিখে কপালৰ লিখন ।

জীৱনৰে ছবি আঁকি

কোনে সজাই দিব ?

আকাশতে থকাজনে

লিখে কপালৰ লিখন ।

জীৱন বীণাৰ আনন্দেৰে

যদি খোজা বজাব

হাঁহি হাঁহি বিধিৰ লিপি

মানিলেই হ’ব ।

দুখত যদি হাঁহি থাকা

মচি তোমাৰ নয়ন,

আকাশতে থকাজনে

লিখে কপালৰ লিখন ।

জীৱনৰ আন এটি নাম

পদুম পাতৰ পানী,

প্ৰভাতে যে কাল সন্ধিয়াৰ

নেজানে আঁচনি, আঁচনি ।

কোনে জানে কাহানি হয়

উশাহৰ মৰণ,

আকাশতে থকাজনে

লিখে কপালৰ লিখন ।

আকাশতে থকাজনে

লিখে কপালৰ লিখন ।

কোনে জানে তোমাৰ সপোন

হ’ব নে পূৰণ ?

আকাশতে থকাজনে

লিখে কপালৰ লিখন ।