চৰাই বনৰীয়া

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জ্যোতিপ্ৰসাদ আগৰৱালা

Back
জ্যোতিপ্ৰসাদ আগৰৱালা
September 6, 2015 · 1,561 views

চৰাই বনৰীয়া

মুকলিমূৰীয়া

গাৱ বনৰীয়া গীত

মনে উৰো উৰো

কৰে তোৰ লগতে

মোৰে উৰণীয়া চিত ।

ঊষা জিৰণীয়া

পাই লগৰীয়া

সন্ধিয়াৰ দেশলৈ যায়

অকলেনোশৰীয়া

কৰি মোক সখীয়া

গ’লা মিলনৰে নিশাটি পাই ।।