জননীৰ সন্তান

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জ্যোতিপ্ৰসাদ আগৰৱালা

Back
জ্যোতিপ্ৰসাদ আগৰৱালা
October 23, 2017 · 2,323 views

জননীৰ সন্তান জাগা

জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ

মৃত্যু গছকি আনা জয় জিনি

কৰি দুৰ্জয় অভিযান

শক্তি গায়ত্ৰী মনত পেলোৱা

হ’বা দুৰ্নিবাৰ

তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান

অ’ মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ

অজেয় নৱজোৱান ।।