জীৱন ভৰি তোমাৰে গান গালোঁ

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

বিষ্ণুপ্ৰসাদ ৰাভা

Back
বিষ্ণুপ্ৰসাদ ৰাভা
November 7, 2015 · 2,209 views

জীৱন ভৰি তোমাৰে গান গালোঁ

দেহা বীণৰ তাঁৰ জোকাৰি

কিমান সুৰ বজালোঁ

তেও যে প্ৰভু তোমাক নেপালোঁ ।

সেই ৰাগিণীৰ তালে তালে

নাচনী জোনায়ে

নীল আকাশৰ চোতালতে

জ্বলে ছেৱে ছেৱে

মোৰেই সুৰত নাচেনে তাই

তোমাৰ সুৰত নাচে

তোমাৰ অসমী লীলা নুবুজিলোঁ

তেও যে প্ৰভু তোমাক নেপালোঁ ।।