অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
জুবিন গাৰ্গ
জোনাকে কাণে কাণে আহি ক’লে
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ
নীৰৱে জ্বলি থকা তৰাবোৰে
বাৰে বাৰে ক’ব খোজে
তুমি মোৰ মাথোঁ মোৰ
তুমি মোৰ মাথোঁ মোৰ ...
ফুলৰ পাহে পাহে
মেঘৰ আঁৰে আঁৰে
তুমি আছা প্ৰীতি হৈ
মোৰ বাবেই নীৰৱে
ফুলৰ পাহে পাহে
মেঘৰ আঁৰে আঁৰে
তুমি আছা প্ৰীতি হৈ
মোৰ বাবেই নীৰৱে
প্ৰীতি জুৰি আছা, তুমি বিয়পি
বুকু জুৰি আছে, মাথোঁ মোৰ দুখ
নোপোৱাৰ ...
জোনাকে কাণে কাণে আহি ক’লে
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ
নীৰৱে জ্বলি থকা তৰাবোৰে
বাৰে বাৰে ক’ব খোজে
তুমি মোৰ মাথোঁ মোৰ
তুমি মোৰ মাথোঁ মোৰ ...
তুমি অহাৰে পৰত
ফুলে হিয়াৰ পাহি
মৰমৰে সাগৰত
তুমি থাকা ওমলি
তুমি অহাৰে পৰত
ফুলে হিয়াৰ পাহি
মৰমৰে সাগৰত
তুমি থাকা ওমলি
প্ৰীতি জুৰি আছা, তুমি বিয়পি
বুকু জুৰি আছে, মাথোঁ মোৰ দুখ
নোপোৱাৰ ...
জোনাকে কাণে কাণে আহি ক’লে
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ
নীৰৱে জ্বলি থকা তৰাবোৰে
বাৰে বাৰে ক’ব খোজে
তুমি মোৰ মাথোঁ মোৰ
তুমি মোৰ মাথোঁ মোৰ ।।