জোনাকে বিচাৰে কি

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

অংগৰাগ মহন্ত

Back
অংগৰাগ মহন্ত
October 5, 2020 · 1,647 views

জোনাকে বিচাৰে কি ?

ফাগুনী বতাহে সোঁৱৰাই কি ?

তোমাকে তোমাকে তোমাকে তোমাকে ।

জোনাকে বিচাৰে কি ?

দোক-মোকালি পুৱা কুলিৰ বিননি

বেদনাই আহি দুচকুক তিয়াই

বেদনাই আহি দুচকুক তিয়াই

ডাৱৰে আৱৰে সপোন মোৰ

বতাহে নিলে উৰুৱাই

জোনাকে বিচাৰে কি ?

জোনাকৰে ৰাতি তিৰ-বিৰ তৰায়ে

কিনো মায়া সানে দুচকুযোৰি

কিনো মায়া সানে দুচকুযোৰি

মন মোৰ উৰি যায় দূৰণিলে

আপোন গাঁৱৰ পদূলিলে ।

ফাগুনী বতাহে সোঁৱৰাই কি ?

তোমাকে তোমাকে তোমাকে তোমাকে ।

জোনাকে বিচাৰে কি ?

জোনাকে বিচাৰে কি ?