জয় সাগৰৰ

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

বিষ্ণুপ্ৰসাদ ৰাভা

Back
বিষ্ণুপ্ৰসাদ ৰাভা
November 1, 2015 · 2,783 views

জয় সাগৰৰ বুকুৰ মাজত

উঠে চকুলোৰ ঢল

মলয়াই তোলে হিয়া ভগা সুৰ

কৰুণ বিননি ৰোল

জয়া নাই জয়া নাই

অসমী আইৰ চেনেহৰ জী

সতী জয়মতী নাই ।

তেজৰ টোপাল চকুলো ওলাল

নয়নৰ পাহি সানি

কলিজাৰ চাকি জ্বলিলে দিপালী

বুকুৰ অগনি জ্বালি

পাৰতে সাজিলে স্মৃতিৰ দেউল

প্ৰেমৰ সুৰভি ঢালি

স্বামীকো তৰিলে দেশকো ৰাখিলে

নিজকেই দিলে বলি

জয় দেউলত শিলতে বোলালে

সোণৰ গৰিমা বোল

আজিও কুলিয়ে কলচিত বহি

তোলে বিননিৰ ৰোল ।

সেই সাগৰৰ তেজৰ টুপিৰে

বোলোৱা ৰাঙলী তুলি

জ্বলোৱা দিপালী চাকিৰ শিখাৰে

হৃদয় শলিতা জ্বালি

উঠা অসমৰ গাভৰু ছোৱালী

জানা অসমীয়া দল

আজিও জয়া হিয়াতে আছে

নুতুলিবা তেনে ৰোল ।।