অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
ইন্দ্ৰেশ্বৰ বৰগোঁহাই
তমসা অ’ নিবিড় তমসা আৰু
আৰু নাথাকিবা ৰৈ
সূৰ্য্যমুখীয়ে উচুপি কান্দিছে
আঁতৰি যোৱাগৈ
আলসুৱা মোৰ সূৰ্য্যমুখীৰ
হিয়াত কিমান দুখ
ক্ষণ গণি গণি ভাগৰি পৰিছে
দেখা নাই কাৰ মুখ
কিমান কান্দিব আজলিয়ে মোৰ
এবুকু বেদনা লৈ ।
ৰজনী কিয় ধৰাৰ বুকুত
ইমান অভিসাৰ
গান নুশুনিবা চাতক পখীৰ
বিলাপ বেদনাৰ
মুখ লুকুৱাই নাকান্দিবা আৰু
দৰদী সূৰ্যমুখী
পূৰ্ব্বাঞ্চলত সূৰ্য আছে
তোমাকে আশা কৰি
তোমাৰ হিয়াকে কৰিব শীতল
এবুকু মৰম গৈ
তমসা অ’ নিবিড় তমসা আৰু
আৰু নাথাকিবা ৰৈ ।।