তুমি জিলিকি জিলিকি থকা

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

তৰুণ তন্ময়

Back
তৰুণ তন্ময়
June 3, 2016 · 3,690 views

তুমি জিলিকি জিলিকি থকা

সৌ দূৰ আকাশৰ তৰা

তুমি এখনি ধুনীয়া ছবি

মই গোপনে গোপনে অঁকা

তুমি মোৰ বুকুতে ৰ’লাহি

তুমি মোক মৰম দিলাহি

তুমি মোৰ বুকুতে ৰ’লাহি

বহু মৰম মোক যাঁচিলাহি ।

মৰম বাঢ়ে

যৌৱন বেলাৰ বুকুতে উঠলি

মৰমেনো কি জানে

প্ৰণয়ৰে নিয়তি

মৰম বাঢ়ে

ঘনে ঘনে বাগৰে নিগৰি

মৰমেনো কি বিচাৰে

কোনে দিব বুজনি ।

হৃদয়ৰে দুৱাৰ খুলি

ৰাখিছোঁ মই নিৰলে

সময়ৰে সোঁতত আহি

সোমালাহি বুকুতে

অ’ নেদেখাকৈ

সপোনতে দেখিলোঁ

মই তোমাকে

কিনো জাগিল বহু মৰম

হঠাতে তোমালে ।।