তোমাৰ কথা যেতিয়া ভাবো

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

নিৰ্মলপ্ৰভা বৰদলৈ

Back
নিৰ্মলপ্ৰভা বৰদলৈ
May 3, 2017 · 2,340 views

তোমাৰ কথা যেতিয়া ভাবো

দুচকু পানীৰে ভৰে

বিৰিণা বনৰ পাতৰ আগে

বিৰিণা বনৰ পাতৰ আগে

এটোপি নিয়ৰ সৰে

তোমাৰ কথা যেতিয়া ভাবো

দুচকু পানীৰে ভৰে ।

তুমি যেন দূৰ-দূৰণিত শুনা

ৰিণিকি ৰিণিকি বাঁহী

নিজম ৰাতিৰ সোঁতে সোঁতে

যেন কাষলে আহা ভাহি

হেৰুৱা ফুলৰ সুবাসেৰে

হেৰুৱা ফুলৰ সুবাসেৰে

পদুলি ওপচি পৰে

তোমাৰ কথা যেতিয়া ভাবো

দুচকু পানীৰে ভৰে ।

তোমাৰ কথা মনত পৰিলে

বুকু যে উৰুঙা লাগে

শুকান পাত উৰুৱাই যেন

এচাটি যেন পচোৱা বলে

বৰ অসহায় অসহায় লাগে

বৰ অসহায় অসহায় লাগে

যেন নিজান মৰুৰ দৰে

তোমাৰ কথা যেতিয়া ভাবো

দুচকু পানীৰে ভৰে ।।