তোমাৰ মৰমে মোৰ

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

নিৰ্মলপ্ৰভা বৰদলৈ

Back
নিৰ্মলপ্ৰভা বৰদলৈ
March 16, 2023 · 1,168 views

তোমাৰ মৰমে মোৰ

দেহত তুলিলে ঢৌ

বুকুত দিলে যে মৌ

কি যে মিঠা মিঠা

কেনেকৈ কিযে হৈ গ’ল

কলিটি কুসুমে হ’ল

সুৰভী ওপচি গ’ল

কিযে ভাল লগা

তোমাৰ মৰমে মোৰ ...

ফুলে কয় বতাহক লাহেকৈ

এই ... কি কৰিলা ?

বতাহেওঁ সুধিছে ফুলকেই

এই ... কি কৰিলা ?

ফুলে কয় বতাহক লাহেকৈ

এই ... কি কৰিলা ?

বতাহেওঁ সুধিছে ফুলকেই

এই ... কি কৰিলা ?

গোপন ফাগুনে যেন

লুকাই হাঁহিছে সৌ

খুলি ... গুপনতা

তোমাৰ মৰমে মোৰ ...

জিৰি জিৰ জিৰি জিৰ এধানি

সৌ ... জুৰিটিৰে

নীলাকৈ পানীৰে ভৰি গ’ল

কোন ... ছেগতে যে ।

মৰম নদীতে যেন

নিজক উতাই দিম

কিযে ... আকুলতা

কিযে ... মিঠা মিঠা

কিযে ... ভাল লগা

কিযে ... আকুলতা ।।