দূৰে দূৰে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জুবিন গাৰ্গ

Back
জুবিন গাৰ্গ জুবিন গাৰ্গ
1994 · February 11, 2016 · 1,885 views
সুৰ: জুবিন গাৰ্গ কথা: জুবিন গাৰ্গ এলবাম: মায়া
Watch on YouTube

আজিও যে নুবুজোঁ একোকে
কাৰ বাবে আছোঁ যে ৰৈ
জানিছিলোঁ তুমি মোৰ নোহোৱা
তথাপিতো ম‌ই ৰৈ ...

দূৰে দূৰে থাকিবা কিমান আৰু
জ্বলাই একুৰা জুই হৃদ‌য়‌ৰ
নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ
প্ৰাণৰ ভাষাৰে ক’ব খোজা
দূৰে দূৰে ...

তোমাৰ নীলা
দুচকুতে দেখোঁ নিতে ম‌ই
আশাৰ ৰঙৰ ৰঙীন পোহৰ
জোনৰ দৰে
জ্বলি ৰ’ম তোমাৰ ম‌ন আকাশ‌ত
জোনাকৰ অমীয়া সুৰ বিলাই

জীৱন প‌থ‌ত
কাহানিবা যদি হাৰোঁ
দিবা প্ৰেৰণা মোক যুঁজিবলে
এন্ধাৰ প‌থ‌ত
জ্বলি ৰবা তুমি চাকি হৈ
তেজৰ প্ৰভাত‌ক আনিবলে
দূৰে দূৰে ...

প্ৰেমৰ হেনো
নাথাকে কোনো কালে সীমনা
তথাপি আমি যেন মেঘৰ আঁৰত
মোৰ উশাহত
বাজি উঠে মাথোঁ বেদনা
সুদূৰত আছে ৰৈ নিৰৱ তৃষা
একে দৰে
থাকে যদি এই জীৱন
থাকিম তোমাৰেই মাজতে
এন্ধাৰ পথ‌ত
জ্বলি ৰম মই জুই হৈ
তোমাৰ মৰমৰ প্ৰেৰণাৰে

দূৰে দূৰে থাকিবা কিমান আৰু
জ্বলাই একুৰা জুই হৃদ‌য়‌ৰ
নুবুজা কিয় বুজাব নোৱাৰোঁ কথাবোৰ
প্ৰাণৰ ভাষাৰে ক’ব খোজা
দূৰে দূৰে ...