নজনাকে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

সংগীতা কাকতি

Back
সংগীতা কাকতি
February 1, 2016 · 1,662 views

নজনাকে

কিনো হেঁপাহেৰে

সপোন আঁকোঁ,

আকূল হৈ তোমাৰ ঠিকনাকে

বিচাৰি ফুৰোঁ

বুকুত হেজাৰ বৰষা

দুচকু ৰঙেৰে ভৰা

বাউলি বতাহেও সোধে

বাঢ়ে কিয়নো আশা ?

উকা হিয়াতে

অজান মৰমে

বান্ধিছেহি ঘৰ গোপনে,

চিলা মনৰে

উৰি ফুৰিছে

তোমাৰ আকাশ পাবলে

কিনো আবেগে

বুকু দহিছে

এবাৰ কোৱানা

বাঢ়ে কিয়নো আশা ?

নতুন সকলো

তোমাৰ পৰশত

সজালাহি মোৰ পৃথিৱী,

তৰাবোৰেচোন

নিচুকাই মোক

উজাগৰে ৰয় জিলিকি

মিঠা সপোনে হিয়া ভৰিছে

তুমি নাজানা

বাঢ়ে কিয়নো আশা ?