নাহৰ ফুলে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

বিষ্ণুপ্ৰসাদ ৰাভা

Back
বিষ্ণুপ্ৰসাদ ৰাভা
March 22, 2018 · 2,366 views

নাহৰ ফুলে নুশুৱায়

তগৰ ফুলে শুৱাব 

তগৰ ফুলে নুশুৱায়

কপউ ফুলে শুৱাব 

কপউ ফুলে নুশুৱায়

(যদি) ঘিলা খোপাতে তোৰ

হিয়া ফুল পাৰি দিম

(গুজি) খোপাতে মনোহৰ 

মহাযানৰ সিঁচি আনিম

সাত মাণিকৰ ধন

মেঘৰ বুকু ফালি চিঙিম

বিজুলী ফুল শুৱণ

মাণিক ফুলে নুশুৱায়

(যদি) সাতসৰীতে তোৰ

(হিয়া) ফালি উলিয়াই পিন্ধাম

তেজাল পোৱালমণি মোৰ ।।