অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
জ্যোতিপ্ৰসাদ আগৰৱালা
নিমাতী কইনা
নাহাঁহি মইনা
ক’ত থৈ আহিলা
চেনেহৰ মইনা মাত ?
চেনেহৰ মইনা
নুবুলি কইনা
চেনেহৰ মইনা মাত ।
দীপ্লিপ্ কুঁৱৰী
কাকে আছা সুঁৱৰি
মাতোঁ মাতোঁ চকুযোৰে
কাকেইবা চায়
সোণৰ জাপি পিন্ধি
ফুলাম ছৈৰ নাৱতে
আহি ৰূপকোঁৱৰে
হাঁহিটি মাৰিবহি
বীণখনি বাই
ৰূপৰে কুঁৱৰীৰ
মাত ফুটা নাই
আহা ৰূপকোঁৱৰ অ’
আহা বেগাই ।।