পুণ্য ভূমি

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

শ্ৰৱণ নাথ (মৰিগাঁও)

Back
শ্ৰৱণ নাথ (মৰিগাঁও)
February 21, 2024 · 3,670 views

পুণ্য ভূমি

আই অসমী

তোমাৰ তুলনা নাই

তোমাৰ বতাহ

ধূলি মাটিত

জনম লভিছো আই

জনম লভিছো আই

জনম লভিছো আই

সোণতে সুৱগা

শস্য শ্যামলা

আছিল এদিন

অসমী আই

দুষ্কৃতিকাৰীৰ কবলত আজি

ধ্বংসৰ ফালে আছে আগুৱাই

জাগিবৰ হ'ল

ৰুধিবৰ হ'ল

বিনাশকাৰীৰ অভিপ্ৰায়

অভিপ্ৰায় অভিপ্ৰায়

জাতি জনজাতিৰ সমন্বয়ৰ

ইতিহাস আজি ক'ত হেৰাল

একতাৰে বন্ধা মানৱ জাতিক

বিভেদৰ বীজে কৰে বিলীন

লাচিতৰ দেশৰ মানুহ আমি

নিদিও সুবিধা স্বাৰ্থলোভীক

স্বাৰ্থলোভীক

স্বাৰ্থলোভীক।