প্ৰতিদিনে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

বোলছবি

Back
বোলছবি
February 10, 2016 · 4,344 views

প্ৰতিদিনে তুমি আহি দিয়া এপাহি ফুল

অ’ জীৱন তুমি ৰহণীয়া ৰঙৰে বোল

এপাহি হাঁহিয়ে এপাহি দুখ

তাৰেই সজাই তোৰো মুখ

প্ৰতিদিনে তুমি আহি দিয়া এপাহি ফুল

অ’ জীৱন তুমি ৰহণীয়া ৰঙৰে বোল ।

আকাশে গাতে ল’বৰে মন

সাগৰ তলিত শুবৰে মন

মনৰ চিলা উৰুৱাই জীৱনে

অ’ আকাশে গাতে ল’বৰে মন

সাগৰ তলিত শুবৰে মন

মনৰ চিলা উৰুৱাই জীৱনে

সোণালী হৈ থাকক

তোমাৰে মোৰে সময়

বুকুৱে বুকুৱে ৰৈ যায়

যেন মধুময় ।

হৃদয় কঁপোৱা গান এটি

পোৱা নোপোৱাৰ সুৰ এটি

তাতেই হেৰাই ছন্দ মোৰ হয়তো বা

অ’ হৃদয় কঁপোৱা গান এটি

পোৱা নোপোৱাৰ সুৰ এটি

তাতেই হেৰাই ছন্দ মোৰ হয়তো বা

তথাপি সপোনৰ

সপোনৰে দিঠকত

তোমাক আদৰোঁ

সেন্দুৰীয়া বাটত ।।