অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
জুবিন গাৰ্গ
প্ৰীতিৰ সুবাসে
ধুৱাই দিলেহি
মোৰ এই উদাসী মন
পাহৰা গীতৰ সুৰে আহি
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু ?
প্ৰীতিৰ সুবাসে
ধুৱাই দিলেহি
মোৰ এই উদাসী মন ...
দুচকু তুলি, চৌপাশে চালোঁ, ফুলিছে ৰজনীগন্ধা
দুচকু তুলি, চৌপাশে চালোঁ, ফুলিছে ৰজনীগন্ধা
আকাশত দেখোঁ, শাৰদী জোনাক
নামিছে অলকানন্দা
আকাশত দেখোঁ, শাৰদী জোনাক
নামিছে অলকানন্দা
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু ?
প্ৰীতিৰ সুবাসে
ধুৱাই দিলেহি
মোৰ এই উদাসী মন ...
শত ৰজনীৰ এন্ধাৰ, আঁতৰি গ’ল
সুন্দৰৰে ৰঙৰ ফাকুৰে, জীৱন ৰাঙলী হ’ল
আকাশত দেখোঁ, শাৰদী জোনাক
নামিছে অলকানন্দা
আকাশত দেখোঁ, শাৰদী জোনাক
নামিছে অলকানন্দা
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু ?
প্ৰীতিৰ সুবাসে
ধুৱাই দিলেহি
মোৰ এই উদাসী মন
পাহৰা গীতৰ সুৰে আহি
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু ?
প্ৰীতিৰ সুবাসে
ধুৱাই দিলেহি
মোৰ এই উদাসী মন ...