Show/Hide Keyboard Layout
  • পাখি পাখি এই মন
  • ৰক্
  • মহাদেৱা
  • জয় সাগৰৰ
  • হেʼ দোলা হেʼ
  • ভয় নাই, ভয় নাই
  • কোনে জানে তোমাৰ সপোন
  • দুখীয়া কলিজা
  • জন গণ
  • আমি চৰাইবাহী
  • আঁউসীৰ জোন মোৰ
  • কাক বুলিলোঁ
  • শিলে শিলে ঠেকা খালে
  • পৰ্বততে ফুলিলে
  • গানে কি আনে
  • অসমৰ সংগীত
  • সূৰ্য উদয় যদি লক্ষ্য আমাৰ
  • গধূলি আহিল
  • ঢোলৰ চাপৰ মাৰি
  • এইখনি গাঁও
  • যি মৰম সাঁচিছিলোঁ
  • ৰৈ ৰৈ কেতেকী
  • ৰ’দালি এ ৰ’দ দে
  • আজলী ছোৱালী
  • মোৰ ৰাগ কৰবীৰে
  • ৰং দিয়া মৰম
  • মোৰে জীৱনৰে
  • স্নেহে আমাৰ
  • আমাৰ কপালতে
  • ৰিণিকি

অনুৰাধা (দ্বৈত)

- জুবিন গাৰ্গ

(পুঃ)

যুগে যুগে প্ৰতি খোজে

তোমাতেই মই হ’ম বিলীন

এন্ধাৰৰে চুকে চুকে

আছোঁ মই তোমাতে লীন

অনুৰাধা ... অনুৰাধা

অনুৰাধা ... অনুৰাধা ।

 

সময়ৰে খাজে খাজে

বৈ আহে ৰাতি দিন

হৃদয়ৰে সীমনাতে

অশ্ৰু নিগৰা বীণ

অনুৰাধা ... অনুৰাধা

অনুৰাধা ... অনুৰাধা ।

 

(স্ত্ৰীঃ)

চকুৱেদি বৈ আহে

নিদ্ৰাহীন কবিতা

এন্ধাৰতো জ্বলি মৰে

নজ্বলোৱা শলিতা

সপোনৰো শেষ আছে

শেষ নহয় হতাশা

জ্বলি জ্বলি জ্বলে মাথোঁ

হেৰুৱালোঁ ওঁঠৰ ভাষা

অনুৰাধা ... অনুৰাধা

অনুৰাধা ... অনুৰাধা ।

 

চকুৰে নৈ বৈ বৈ

বৈ আহে নীৰৱতা

সুখে দুখে জীৱনে

দি যায় নীৰ ব্যাকুলতা

জীৱনৰো শেষ আছে

শেষ নহয় জিজ্ঞাসা

মৃত্যুৱে চুমা যাচে

চুমাতেই যেন প্ৰত্যাশা

অনুৰাধা ... অনুৰাধা

অনুৰাধা ... অনুৰাধা ।

 

(পুঃ)

কবিতাৰে কাহিনী

শেষ হওঁ হওঁ অনুৰাধা

কবিতাৰে কাহিনী

শেষ নহয় অনুৰাধা

কবিতাৰো শেষ আছে

শেষ নহয় স্তব্ধতা

শব্দবোৰ লেখি লেখি

চুব খোজে মৌনতা

অনুৰাধা ... অনুৰাধা

অনুৰাধা ... অনুৰাধা ।।

Hits: 3987