Show/Hide Keyboard Layout
  • শুনা সেই গান
  • আন্ধাৰ ৰাতি
  • সুৰৰে দেউলৰে
  • দুচকুৰে নীলাৰে
  • মায়া
  • অ’ জুমে জুমে
  • দুহাততে দিছা
  • লুইতৰ বলিয়া বান
  • জোন জ্বলে
  • হাঁহিকে ভগাওঁ সমভাগেৰে
  • এই ধৰণীৰ
  • সপোনত আজি
  • মনতে পৰে
  • নহ’লে পৰিচয় (পু)
  • আই লাভ ইউ
  • গছে গছে
  • বহু ৰাতি হ’ল
  • দিনৰ পোহৰ
  • মহাদেৱা
  • আকৌ
  • তুমি কোন
  • শ্ৰীময়ী অসমীৰ
  • চৰাই বনৰীয়া
  • নিচলা আইৰে
  • হায়ৰে প্ৰাণেৰ বাছা মোৰ
  • এই মায়াৰ ধৰাত
  • বিস্তীৰ্ণ পাৰৰে
  • এটোপি চকুলো
  • পৃথিৱীখন আজি হ’লহেঁতেন যদি
  • কিয়নো নিদিয়া

অ’ মইনা কোন বিধাতাই সাজিলে

- দিপেন বৰুৱা

অ’ মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুটি

চমক নীলা বিজুলীৰে, গোলাপ কোমল পাহিটি

এই চমকৰ ভমক লাগি, দহি মৰে মনটি

মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি

মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি ।

 

ঐ সৈ পূৰ্ণিমাৰে আকাশৰে জোনটি শুৱনি

কত পাবানো মেলিলে হাত দুখনি

অ’ কত পাবানো মেলিলে হাত দুখনি ।

 

অ’ মইনা হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণিটি

এ এ এ এ ...

ঐ হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণিটি

মোৰ মন হাকুটি লগাই পাৰিম এই পূৰ্ণিমাৰ জোনটি

মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি

মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি ।

 

নন্দন বনত ফুলি আছে ফুল পাৰিজাত

কৃষ্ণ গোঁসাই ৰখি আছে নেমেলিবা হাত

অ’ বনত কৃষ্ণ গোঁসাই ৰখি আছে নেমেলিবা হাত

 

অ’ মইনা হাত নেমেলো ফুল নিছিঙো, নিছিঙো মই কলিটি

এ এ এ এ ...

ঐ হাত নেমেলো ফুল নিছিঙো, নিছিঙো মই কলিটি

মোৰ প্ৰাণ পখিলাই চুমি যাব এই পাৰিজাত ফুলটি

মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি

মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি ।

 

চগাৰ পাহি লাহি লাহি এন্ধাৰতে উৰে

বন্তিৰো যে শিখাত পৰি জ্বলি জ্বলি মৰে

অ’ চগা বন্তিৰো যে শিখাত পৰি জ্বলি জ্বলি মৰে

অ’ মইনা নাই পাখি মোৰ উৰিবলৈ নহ’লো মই চগাটি

এ এ এ এ ...

ঐ হয় নাই পাখি মোৰ উৰিবলৈ নহ’লো মই চগাটি

মোৰ প্ৰেম তুলসিৰ তলত জ্বলাম এই সোণৰে বন্তি

মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি

মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি ।

 

তোমাৰ পদুম চকুটি

তোমাৰ পদুম চকুটি ।

Hits: 1251