Show/Hide Keyboard Layout

এজনী ধুনীয়া ছোৱালীয়ে

- আৰ্য্যনীল

এজনী ধুনীয়া ছোৱালীয়ে

মোৰ পদূলি মুখেৰে

ৰাতিপুৱা স্কুললে যায়

মন গ’লে কেতিয়াবা

সুঁহুৰি মাৰিলে

মোৰ ফালে কেৰাহিকৈ চায়

মন নদীৰে জানা গৰা খহি যায়

চপৰা চপৰে কিয় গৰা খহি যায়

জুই লাগি যৌৱনৰে

দেহা মোৰ জ্বল্ব পুৰে

ৰাতি টোপনিত বুলে

কিবা কিবি কয় ।

 

নীলা পাৰিৰে বগা কপাহী চাদৰেৰে

দহ বাজো-নাবাজোতেই বতাহী খোজেৰে

মুখ ঢাকি হাঁহি মাৰা

মোকে যে দেখিলে

বুকু উকা কৰি গুছি যোৱা দূৰণিলে

কিনো কৰোঁ মই এতিয়া

বুকুৰে মৰমকে

বান্ধি ৰাখোঁ কিদৰে

দিঠকে দাপোণেচোন তোমাকে দেখোঁ

জুই লাগি যৌৱনৰে

দেহা মোৰ জ্বল্ব পুৰে

ৰাতি টোপনিত বুলে

কিবা কিবি কয় ।

 

সিদিনা তোমাকে দেখি

এনেযে লাগিলে

কিবা এটা ক’ব খুজি

নক’লা‌ লাজতে

বহু ভাবি চিঠি লিখি

ৰাখিলোঁ বাটতে

নেদেখি গছকি গ’লা

তুমি নজনাকে

কি কৰোঁ কি কৰোঁ এতিয়া

দেওবাৰ কিয় আহে

ভাবি ভাবি খং উঠে

এদিন নেদেখিলে ৰাতি টোপনি হেৰায়

জুই লাগি যৌৱনৰে

দেহা মোৰ জ্বল্ব পুৰে

ৰাতি টোপনিত বুলে

কিবা কিবি কয় ।।

Hits: 3801