কিয় ৰৈ ৰৈ কেতেকী বিনা অ’
অমাতৰ মাত
তোৰে সমনীয়া
লগ চেমনীয়া
আহ উৰণীয়া
মেলি দিওঁ হাত
ৰ’দে বৰষুণে দুখ পাবি তাত ।
জোনবাই ধৰি দিম
সখি পাতি ওমলিম
শিতানতে শুব দিম
সোণৰ সঁজাত
চেনেহৰ চুমা দিম
পাখি হেঙুলীয়া গাত ।।