আজিও যে নুবুজোঁ একোকে
কাৰ বাবে আছোঁ যে ৰৈ
জানিছিলোঁ তুমি মোৰ নোহোৱা
তথাপিতো মই ৰৈ ।
দূৰে দূৰে থাকিবা কিমান আৰু
জ্বলাই একুৰা জুই হৃদয়ৰ
নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ
প্ৰাণৰ ভাষাৰে ক’ব খোজা
দূৰে দূৰে...
তোমাৰ নীলা
দুচকুতে দেখোঁ নিতে মই
আশাৰ ৰঙৰ ৰঙীন পোহৰ
জোনৰ দৰে
জ্বলি ৰ’ম তোমাৰ মন আকাশত
জোনাকৰ অমীয়া সুৰ বিলাই
জীৱন পথত
কাহানিবা যদি হাৰোঁ
দিবা প্ৰেৰণা মোক যুঁজিবলে
এন্ধাৰ পথত
জ্বলি ৰবা তুমি চাকি হৈ
তেজৰ প্ৰভাতক আনিবলে
দূৰে দূৰে...
প্ৰেমৰ হেনো
নাথাকে কোনো কালে সীমনা
তথাপি আমি যেন মেঘৰ পাৰত
মোৰ উশাহত
বাজি উঠে মাথোঁ বেদনা
সুদূৰত আছে ৰৈ নিৰৱ তৃষা
একে দৰে থাকে যদি এই জীৱন
থাকিম তোমাৰেই মাজতে
আন্ধৰ পথত
জ্বলি ৰম মৈ জুই হৈ
তোমাৰ মৰমৰ প্ৰেৰণাৰে ।।
Hits: 1464