মাঘত দেখোঁ উৰুকা নহয়, তুমি নহʼলে
বʼহাগ বিহুত বিহু-ঢোল নেবাজে, তুমি নহʼলে
তুমি নহʼলে তুমি নহʼলে ।
শাৰদী পুৱা কঁহুৱা নুফুলে, তুমি নহʼলে
এন্ধাৰ পঁজাত চাকি নজ্বলে, তুমি নহʼলে
প্ৰগতিও দেখোঁ অগতিহে হয়, তুমি নহʼলে
গীত দেখোঁ সুৰীয়া নহয়, তুমি নহʼলে
তুমি নহʼলে, তুমি নহʼলে ।
বৰষাৰ আকাশত মেঘ নজমে, তুমি নহʼলে
জীৱন-লুইতখন থমকিহে ৰয়, তুমি নহʼলে
জ্ঞান-বিজ্ঞানৰ অৰ্থ নুবুজোঁ, তুমি নহʼলে
পোৱা-নোপোৱাৰ সংগ্ৰাম নুবুজোঁ, তুমি নহʼলে
তুমি নহʼলে, তুমি নহʼলে ।
জীৱনতো কোনো শান্তি নেপাম, তুমি নহʼলে
মৰণতো চাগে ক্লান্তিহে পাম, তুমি নহʼলে
তুমি নহʼলে, তুমি নহʼলে ।।
Hits: 1396