মেঘৰ জলঙা পূৰ্ণিমাৰে চন্দ্ৰমা
জাৰত হাড়ত হাড়ে ঠৰঙা
আপঙ এচুঙা জ্বলি উঠে দুটি গা
জ্বলে মনৰ হাবি লঠঙা ।
গভীৰ বননিত সোমায় চিকাৰী
আঙুলিত খুপি খুপি খোপনি
কাড়ে হালি যায়, পৰে লুটি খাই
ঠেঙুলিত ঘৰ সজা পখী ।
আঁউসী ...
চাপি নাহিবি
বাউসিত ...
দেহ তোৰে নথবি
নাহিবি ঐ বোৱতি নৈ
নমতা কৈ আলহী হৈ ।
ৰাতিৰ চাপৰি তিয়াই নাযাবি
পুৱতিৰ হাল হ’ব ক্ষতি
শুকান জাৰণিত ঐ ইমান পুৰণি
অগনিত জাহ যাব শৰীৰ ।।
Hits: 1764