হেʼ মোৰ অসমৰ শ্ৰোতা জনতা
কিমতেনো বুজাম আমি,
(আজি) বিহাৰ ৰাজ্যৰ কোটি কোটি লোকে
দেখিছে এক শ্মশানভূমি ।
কোনোবা নিষ্ঠুৰ দৈত্যই যেন
প্ৰখৰ ৰʼদৰ উত্তাপ সানি
চোট-নাগপুৰৰ মালভূমিৰ
ভস্ম কৰিলে শত ধাননি ।
ওঠৰশ ছয়সত্তৰৰ মন্বন্তৰ
আতঙ্ক যেন পুনৰ আহিলে
হাজাৰিবাগৰ হেজাৰ বাগত
(কিহে) সেউজ কঠীয়া দহিলে ।
যেনিয়ে চকু যায় হিয়া দহি যায়
পালামৌৰ আকাশত মেঘ নাই
হেজাৰ মুমূৰ্ষু শিশুৰ বাবে
অসহায়া মাতৃয়ে অশ্ৰু পেলায় ।
ৰহিমে কান্দেঃ আল্লা মেঘ দিয়াঁ
ৰসিয়াই কান্দেঃ প্ৰভু পানী দিয়াঁ
শুকান ধৰিত্ৰীয়ে বুকু ফালি কয়
মোৰ বক্ষতে চিৰশান্তি লোৱাঁ ।
নালন্দা নিমাত, নিমাত আকাশ,
পাটলিপুত্ৰৰ ঐতিহ্য উদাস
মুঙ্গেৰতো মঙ্গলধ্বনি নাই
চাপ্ৰা আৰাৰ লোক হতাশ ।
তাহানিৰ বুদ্ধই বিহাৰ কৰা
শস্যাশ্যামলা বিহাৰভূমি
হʼল ক্ষুধা তৃষ্ণাত মৃত্যুমুখী
এক নিৰস নিজান মৰুভূমি ।
হয়তো আজি ৰাঁচীৰ সাধু শুনি
সত্য বুলি কেৱে নলয় মানি
দুটি ভাতৰ অভাৱত গৃহস্থই ৰান্ধে
পোহনীয়া কুকুৰৰ মাংস আনি ।
অনুকম্পা নহয়, পুতৌ নহয়
ই নহয় ৰঙীন প্ৰদৰ্শনী
ই কৰ্ত্তব্যজ্ঞান প্ৰণোদিত
উচ্চাৰিত মানৱধ্বনি ।
বিদ্যাপতিৰ মিথিলা নগৰীৰ
মৈথিলী সুৰ যেন স্তব্ধ হয়,
আজি ভোজপুৰী পথাৰত গাঁৱৰ গৰখীয়াই
বিৰহা চৈতিৰ গীত নেগায় ।
Hits: 1451