Show/Hide Keyboard Layout

অনামিকা

- জুবিন গাৰ্গ

হাঁহিলে তুমি মুকুতা মণি সৰে

দুচকু ভৰিলেও মন নভৰে

হাঁহিলে তুমি মুকুতা মণি সৰে

দুচকু ভৰিলেও মন নভৰে

বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা

মৰমৰ বৰষাৰে অনামিকা

কলিজা ৰঙা কৰি উজ্বলি আছা ।

 

বহুদিনৰে পৰা নিশা জাগি

সাচিছো যে তোমালে মন মাধুৰি

বহুদিনৰে পৰা নিশা জাগি

সাচিছোঁ যে তোমালে মন মাধুৰি

উঠলি উঠা মৰমে

গোপনে হিয়া আৱৰে

বেদনাৰ আকাশ ভাঙি

মন কিয় যে নভৰে

কোৱানা অনামিকা

কলিজা ৰঙা কৰি উজ্বলি আছা ।

 

সোণ সৰা সপোনৰ পাৰ ভাঙি

অসীমলে আনিলা তুমি আজি

সোণ সৰা সপোনৰ পাৰ ভাঙি

অসীমলে আনিলা তুমি আজি

ক’ত যে দুখৰ ধুমুহা

পাৰ হৈ আহি আহি

সেউজীয়া এটি ছবি

মনৰে কাষতে আঁকি

ৰৈ আছো অনামিকা

কলিজা ৰঙা কৰি উজ্বলি আছা ।

 

হাঁহিলে তুমি মুকুতা মণি সৰে

দুচকু ভৰিলেও মন নভৰে

হাঁহিলে তুমি মুকুতা মণি সৰে

দুচকু ভৰিলেও মন নভৰে

বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা

মৰমৰ বৰষাৰে অনামিকা

কলিজা ৰঙা কৰি উজ্বলি আছা ।

Hits: 1813