আহ অ’ ন জিলিকনি, জিলিকনি
আহ অ’ ন জিলিকনি
পোহৰাই তোলা ই ধৰণী
নুমোৱা নুমোৱা (শাত) কৰা দুখৰে অগনি
নহ’লে যে হ’ব ছাই
হায় ! হায় ! হায় !
পৃথিৱী শুৱনী
চিৰ নৱ জিলিকনি ।
উৰুৱাই মৰু মৰতলৈ
শান্তিৰ কপোত কপোতী
দিয়া মেলি ডেউকাৰ ছাঁত
শান্তি, মুক্তি, প্ৰগতিৰ জিলিকনি
অ’ ন জিলিকনি ।।
Hits: 2729