ফুল ফুলিছে বসন্তৰ
তুমি জানমণি বহাগৰ
প্ৰতিটো বহাগতে
মৰম যাচোঁ তোমাক অন্তৰৰ ।
গুণগুণকৈ ভোমোৰা
ফুলে ফুলে পৰিছে
থোপা থোপে নাহৰ তগৰ
ডাল ভৰি ফুলিছে
জানমণি তুমিয়েই মোৰ কামনা বাসনা
তুমিয়েই মোৰ জীৱনৰ ভৰসা
তুমিয়েই মোৰ বুকুৰে কলি ।
জুৰ মলয়া ফাগুনৰ
তুমি জানমণি মৰমৰ
প্ৰতিটো বসন্ততে
মৰম যাচোঁ তোমাক হৃদয়ৰ ।
ৰঙা নীলা পখিলা
জাকে জাকে উৰিছে
কুকু কৈ কুলিটিয়ে
পাতৰ আঁৰত মাতিছে
অ’ জানমণি তুমিয়েই মোৰ প্ৰাণৰে পুতলা
তুমিয়েই মোৰ আশাৰে নিজৰা
তুমিয়েই মোৰ নয়নৰ মণি ।
ন’ কুঁহিপাত আঁহতৰ
ন’ ঢল নামে লুইতত
সদায়ে সোণ থাকিবা
তৰা হৈ মোৰ মনৰ আকাশত ।
ঢোল পেঁপাই গৰজিলে
অসমৰ চুকে কোণে
তুমি কাষত নাথাকিলে
মনে কিবা কৰে
জানমণি তুমিয়েই মোৰ মৰমৰ গহনা
তুমিয়েই মোৰ সাগৰৰ মুকুতা
তুমিয়েই মোৰ জীৱন লগৰী ।
শেৱালি ফুল শৰতৰ
বহাগ মাহৰ দুপৰৰ
প্ৰতিটো ঢোলৰ চাপৰে
মনত পেলাই কথা অতীতৰ ।
মৌ বৰষা মৰম দিম
মোৰ কোমল হিয়াৰে
সপোনে ঐ দিঠকতে
থাকিবা মোৰ কাষতে
অ’ জানমণি তুমিয়েই মোৰ আকাশৰ চন্দ্ৰমা
তুমিয়েই মোৰ জোনাকী পৰুৱা
তুমিয়েই মোৰ নদীৰে সূতি ।।
Hits: 4352