Show/Hide Keyboard Layout
  • অ’ বিদেশী বন্ধু
  • গানে কি আনে
  • লুইতৰ আকাশত তৰাৰ তৰাৱলী
  • হে’ বিপ্লৱী
  • নিচলা আইৰে
  • ভৰি পিছল খালে
  • স্নেহে আমাৰ
  • সোঁৱৰণী মোৰ
  • জিলমিল সোণোৱালী দিন
  • মন যায়
  • বিলতে হালিছে
  • হালে জালে অ’
  • এই লুইত কাবেৰী
  • টিলাই টিলাই
  • মোৰ সমাধিত
  • ক’ৰ এজাক সপোন
  • নমো মাতৃ অসমা
  • অনুৰাগ
  • ল’ক’ মটিভ
  • মিঠা মিঠা
  • বাৰিষাৰে ঘন ঘোৰ
  • নেজানোঁ
  • উমি উমি জ্বলিছা
  • কিবা যেন নাই
  • দিনৰ পোহৰ
  • মৃত্যু সাৱটি সমাধি তলিত
  • হিয়াৰ মৰম
  • নাহৰ ফুলে
  • নিমাতী কইনা অ’ নিমাতী কইনা
  • মধু দানৱ

মন হীৰা দৈ

- বোলছবি

মন হীৰা দৈ চাইকেল নহয় টিলিঙা

মন হীৰা দৈ ডেকা নহয় পিলিঙা

ৰহ ঢলা পথাৰত, আহিবা ঐ নিজানত

মন হীৰা দৈ তোমাৰনো কুমলীয়া মাত ।

 

মন হীৰা দৈ গাভৰু নহয় লহঙা

মন হীৰা দৈ পীৰিতি নহয় মহঙা

মেলেঙৰে বজাৰত, ঢেঁকীয়ালৰ কলহত

মন হীৰা দৈ গুৰৰ বজাৰ আঁহতৰ ছাঁত ।

 

মন হীৰা দৈ বোৱাৰী নহয় যখিনী

বেমাৰ নহয় গ্ৰহণী

ভাত নহয় অমাতৰ মাত ।

অ’ মন হীৰা দৈ ছোৱালী নহয় ঢেপেচী,

এচাৰি নহয় লেকেচি, নজৰ পালে এৰাব আন ।

 

মন হীৰা দৈ কুলি-কেতেকীৰ মিঠা মাতৰ সুৰেৰে

কুলি-কেতেকীৰ মিঠা মাতৰ সুৰেৰে

কি কথা মোক কৈছিলা নৈৰে ঐ ঘাটতে ।

নেপায় নহয় ঠগিব, জীৱন ধংস কৰিব

প্ৰলয় হ’লে পৰিব বিনা মেঘে ব্ৰজপাত

মন হীৰা দৈ জিৰাবাহি যৌৱনৰে ছাঁত ।

 

মন হীৰা দৈ মাত নহয় মুৰুলী

হাঁহি নহয় বিজুলী, দেহা নহয় বিৰিণাৰ পাত

মন হীৰা দৈ সাতদিনিয়া বহাগত

নাচিবা ঐ উলাহত, পীৰিতিৰে লগাবা মাত ।

 

মন হীৰা দৈ জাঁজী নৈ চনমা, বিহু কৰোঁ আহা

হাততে টকাটি মুখতে হাঁহিটি, জীৱন কিনো মোহনীয়া

কিনো মোহনীয়া মাত ।

অ’ কলাকৈ কুলিয়ে জীৱন জাঁজী নৈ চনমা

এ কেনেকৈ জানিলে জীৱন জাঁজী নৈ চনমা

কলাকৈ কুলিয়ে জীৱন জাঁজী নৈ চনমা

এ কেনেকৈ জানিলে জীৱন জাঁজী নৈ চনমা

মেলিলে আমৰে, মেলিলে আমৰে পাত ।

মন হীৰা দৈ চাইকেল নহয় টিলিঙা ।।

Hits: 1937