Show/Hide Keyboard Layout

মাহ-কৰাই

- জুবলী বৰুৱা

অ’ হ’ হ’ ম’হ অ’ হ’, ম’হ খেদবা যাওঁ যৌ ।

অ’ হ’ হ’ ম’হ অ’ হ’, ম’হ খেদবা যাওঁ যৌ ।

এ মাহ-কৰাই খাওঁ, এ বাটে বাটে যাওঁ ।

আমাৰ লগত জোনি আহে তাকো এগাল দেওঁ ।

এ মাহ-কৰাই খাওঁ, এ বাটে বাটে যাওঁ ।

আমাৰ লগত জোনি আহে তাকো এগাল দেওঁ ।

 

হঠাতে মাজৰাতি, সাৰ পালোঁ মই কিনো বিচাৰি ।

খিৰিকিৰে মন গ’ল উৰি, নিজানতে মোক এৰি ।

অ’ হ’ হ’ ম’হ অ’ হ’, ম’হ খেদবা যাওঁ যৌ ।

অ’ হ’ হ’ ম’হ অ’ হ’, ম’হ খেদবা যাওঁ যৌ ।

গধূলিত কোনে আহি, সোধে ঠিকনা মোকে বিচাৰি ।

হেঁপাহে তিতালে শেতেলি, পাৰ নহ’বি ৰাতি ।

 

তোমাৰে বুকুতে হেজাৰ কবিতা মোৰ অলেখ গান ।

অচিনা বতাহে উজাই আনিছে আশাৰে বান ।

তোমাৰে বুকুতে হেজাৰ কবিতা মোৰ অলেখ গান ।

অচিনা বতাহে উজাই আনিছে আশাৰে বান ।

হঠাতে মাজৰাতি, সাৰ পালোঁ মই কিনো বিচাৰি ।

খিৰিকিৰে মন গ’ল উৰি, নিজানতে মোক এৰি ।

অ’ হ’ হ’ ম’হ অ’ হ’, ম’হ খেদবা যাওঁ যৌ ।

অ’ হ’ হ’ ম’হ অ’ হ’, ম’হ খেদবা যাওঁ যৌ ।

এ মাহ-কৰাই খাওঁ, এ বাটে বাটে যাওঁ ।

আমাৰ লগত জোনি আহে তাকো এগাল দেওঁ ।

 

পৃথিৱীৰ সীমনা নাজানো মোৰ সীমনা তুমি ।

জোনাকে জোকালে টোপনি ভাঙে মোৰ তাকে ভাবি ।

পৃথিৱীৰ সীমনা নাজানো মোৰ সীমনা তুমি ।

জোনাকে জোকালে টোপনি ভাঙে মোৰ তাকে ভাবি ।

হঠাতে মাজৰাতি, সাৰ পালোঁ মই কিনো বিচাৰি ।

খিৰিকিৰে মন গ’ল উৰি, নিজানতে মোক এৰি ।

অ’ হ’ হ’ ম’হ অ’ হ’, ম’হ খেদবা যাওঁ যৌ ।

অ’ হ’ হ’ ম’হ অ’ হ’, ম’হ খেদবা যাওঁ যৌ ।

গধূলিত কোনে আহি, সোধে ঠিকনা মোকে বিচাৰি ।

হেঁপাহে তিতালে শেতেলি, পাৰ নহ’বি ৰাতি ।

অ’ হ’ হ’ ম’হ অ’ হ’, ম’হ খেদবা যাওঁ যৌ ।

অ’ হ’ হ’ ম’হ অ’ হ’, ম’হ খেদবা যাওঁ যৌ ।

অ’ হ’ হ’ ম’হ অ’ হ’, ম’হ খেদবা যাওঁ যৌ ।

অ’ হ’ হ’ ম’হ অ’ হ’, ম’হ খেদবা যাওঁ যৌ ।

Hits: 2371