Show/Hide Keyboard Layout

অলকানন্দা

- জুবিন গাৰ্গ

অলকানন্দা ওঁঠৰ হাঁহি যেন

ৰজনীগন্ধা ফুলৰ পাহি

অৰুণিমা হৈ আকাশতে যেন

আঁকিলাহি ৰং প্ৰভাততে

অচিনা নদিৰ সোঁতে সোঁতে বৈ

অচিনা নদিৰ সোঁতে সোঁতে বৈ

আহিলা কাষলে

অলকানন্দা ওঁঠৰ হাঁহি যেন

ৰজনীগন্ধা ফুলৰ পাহি ।

 

মোৰ জোনাকৰে

চিনাকি ছায়াতে

তুমি যে আছিলা ৰৈ

যেন শৰততে

শেৱালি বুটলি

আপোন পাহৰা হৈ

কিনো মোহনীয়া

লাজুকী নয়না

মৰম তোমাৰ যুগমীয়া ।

 

মৌন সময়ত

আছিলোঁ নীৰলে

মাথোঁ তোমাকে ভাবি

এ কিয় তুমি আহি

জ্বলালা অগনি

নিৰৱতা মোৰ ভাঙি

হৈ প্ৰজাপতি

মন পদূলিতে

উলাহতে পাখি মেলি ।।

Hits: 3497