Show/Hide Keyboard Layout
  • বহু ৰাতি হ’ল
  • বুকু হম হম কৰে
  • আকৌ
  • অ’ আমাৰ গাওঁ
  • কলীয়া মেঘে
  • অ’ জুমে জুমে
  • অ’ সখি আহিব পিয়া
  • এই ধৰণীৰ
  • আগলি বাঁহৰে
  • মনৰ নিজানত
  • জন গণ
  • জানো জানো জানো
  • পাখিতেই পাখি
  • মাঘত দেখোঁ উৰুকা নহয়
  • সাৰ পাম মই
  • মায়া
  • জিলিকি জিলিকা
  • প্ৰতিদিনে
  • এই মায়াৰ ধৰাত
  • বিলত তিৰে বিৰায়
  • ৰুমাল
  • কাৰ পৰশ
  • সুৰ নগৰীৰ সুৰৰ কুমাৰে
  • সূৰ্য উদয় যদি লক্ষ্য আমাৰ
  • প্ৰীতিৰ সুবাসে
  • আলফুলীয়া কপৌফুল
  • তেজৰ বোলেৰে
  • আজি জীৱন বুটলিবি
  • উলাহেৰে নাচি বাগি
  • সোণৰ পালেঙতে

মোৰ নাম অনিৰুদ্ধ

- নিৰ্মলপ্ৰভা বৰদলৈ

মোৰ নাম অনিৰুদ্ধ

এক অপৰূপ সৌন্দৰ্য স্বপ্নই

মোক কৰিছে মুগ্ধ ।

 

এক ৰমনীয় উৰাৰ পোহৰে

উন্মনা মোক কৰে

সীমাৰ পৰিধি সমাজৰ বিধি

ভাঙি চিঙি গতি লৰে

দুৰ্গম এই পথৰ শেষতে

আকাশ স্বৰ্ণদীপ্ত ।

 

প্ৰতি জনতাৰ প্ৰাণৰো প্ৰাণত

ময়েই লুকাই আছো

সময় চিত্ৰলেখাই মাতিলে

অৰূপ সাজেৰে সাজো

মোৰ দুৰ্বাৰ গতিক কোনোৱে

কৰিব নোৱাৰে ৰুদ্ধ ।

Hits: 1592