Show/Hide Keyboard Layout

নজনাকে

- সংগীতা কাকতি

নজনাকে

কিনো হেঁপাহেৰে

সপোন আঁকোঁ,

আকূল হৈ তোমাৰ ঠিকনাকে

বিচাৰি ফুৰোঁ

বুকুত হেজাৰ বৰষা

দুচকু ৰঙেৰে ভৰা

বাউলি বতাহেও সোধে

বাঢ়ে কিয়নো আশা ?

 

উকা হিয়াতে

অজান মৰমে

বান্ধিছেহি ঘৰ গোপনে,

চিলা মনৰে

উৰি ফুৰিছে

তোমাৰ আকাশ পাবলে

কিনো আবেগে

বুকু দহিছে

এবাৰ কোৱানা

বাঢ়ে কিয়নো আশা ?

 

নতুন সকলো

তোমাৰ পৰশত

সজালাহি মোৰ পৃথিৱী,

তৰাবোৰেচোন

নিচুকাই মোক

উজাগৰে ৰয় জিলিকি

মিঠা সপোনে হিয়া ভৰিছে

তুমি নাজানা

বাঢ়ে কিয়নো আশা ?

Hits: 1563