Show/Hide Keyboard Layout

জোনাকে

- জুবিন গাৰ্গ

জোনাকে কাণে কাণে আহি ক’লে

নিবিড় অবুজ ভাষাৰে

তুমি মোৰ মাথোঁ মোৰ

নীৰৱে জ্বলি থকা তৰাবোৰে

বাৰে বাৰে ক’ব খোজে

তুমি মোৰ মাথোঁ মোৰ ।

 

ফুলৰ পাহে পাহে

মেঘৰ আঁৰে আঁৰে

তুমি আছা প্ৰীতি হৈ

মোৰ বাবেই নীৰৱে

প্ৰীতি জুৰি আছা, তুমি বিয়পি

বুকু জুৰি আছে, মাথোঁ মোৰ দুখ নোপোৱাৰ ।

 

তুমি অহাৰে পৰত

ফুলে হিয়াৰ পাহি

মৰমৰে সাগৰত, তুমি থাকা ওমলি

প্ৰীতি জুৰি আছা, তুমি বিয়পি

বুকু জুৰি আছে, মাথোঁ মোৰ দুখ নোপোৱাৰ ।।

Hits: 3410