এতিয়াও ৰাতি নাই
বজাবলে বাকী আছে মেঘে গজা হাতখনি
মঘাই ওজাই ৰজন জনাই
জুই ফুলা চাপৰেৰে লুইত কঁপায়
মঘাই ওজাৰ চাপৰতে
গণ নাট গীত-মাতে
সাৰ পায় জোৱাৰ নমায়
ঢৌ তুলি পৃথিৱী কঁপায়
অ’ ওজা হাঁহা তুমি ঢোলটি বজোৱা ।
মহাকালে ত্ৰাস পাই দূৰতে পলায়
দিহিঙে দিপাঙে অনাই বনাই
লঘোনকৈ পেটেৰে ঢোলটি বজাই
বৰহম্ পুতুৰৰ ভল্গা মেকঙৰ
পাৰে পাৰে ধুমুহা নমাই ।
নাই নাই ক্লান্তি, হাঁহিৰ শেষ নাই
পাতিঢোলৰ বৰতিতে ঘূণ ধৰা নাই
তিনিটা দশক জুৰি ৰাইজ হঁহুৱাই
বিশ্বত এনে ওজা ক’ত বাৰু পায় ।
মূৰৰ চুলি চিঙি ৰাইজে খাতিছে
মঘাইৰে অমংগল নাই
যুগ যুগ ধৰি জন-কলাকাৰে
অসমীক সজাই পৰাই ।
জীৱন নাটৰ ওজা, মাজেই পোৱা নাই
জেং বিহুৰ জন্ম কথা যোৱাচোন বজাই
জন-জীৱনৰ ভাষা ঢোলতে কোবাই
তোলাচোন আকৌ এবাৰ জাতিকে জগাই ।।
Hits: 2354